Thursday, August 25, 2011

অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ৪ ছেপ্টেম্বৰ

৪ ছেপ্টেম্বৰ
মানিকচন্দ্ৰ বৰুৱাৰ ওপজা দিন (১৮৫১ চন)


আসাম এছ’চিয়েচনৰ অন্যতম প্ৰতিষ্ঠাতা মানিকচন্দ্ৰ বৰুৱা অসম ব্যৱস্থাপক সভাৰ সদস্য আছিল৷ আসাম এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯০৩ চন), সাদিনীয়া কাকত ‘আছাম নিউজ’ৰ প্ৰকাশক (১৮৮২ চন, কাকতখনৰ সম্পাদক আছিল ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা), ১৮৮৪ চনত চৰকাৰে পতা অনাৰেৰী মেজিষ্ট্ৰেট মানিকচন্দ্ৰ বৰুৱাৰ  অসমৰ সমাজ জীৱনলৈ বৰঙণি অসামান্য৷ অসমত শিক্ষাৰ প্ৰসাৰ, ৰেল লাইন বহুওৱা আদি সকলো ক্ষেত্ৰতে তেখেতে আগভাগ লৈছিল৷

No comments:

Post a Comment