মই ফেচবুক একাউণ্ট বন্ধ কৰি দিয়াক কেন্দ্ৰ কৰি বিভিন্নজনে প্ৰশ্ন কৰিছেঃ কিহৰ বাবে এই ‘আচম্বিত’ সিদ্ধান্ত? এনে কি পৰিস্থিতি আহিল যে দুবছৰো অধিক কাল একাউণ্ট চলাই অহাৰ পিছত DEACTIVATE- আচলতে CLOSE কৰি দিয়া হ’ল?
কিন্তু এয়া আচম্বিত কথাও নহয়৷ আজি ছমাহ মানৰ পৰা মোৰ এই ধাৰণা ক্ৰমে বদ্ধমূল হবলৈ ধৰিছিল যে আমি এতিয়াও সভ্য হৈ উঠা নাই৷ Facebook-ত ক্ৰমে ভীৰ কৰিব ধৰা অসমীয়া সদস্য এচামে যি ধৰণৰ কাম কাজ প্ৰদৰ্শন কৰিবলৈ ধৰিছে— আনৰ অনুভূতিৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, জাতীয় চেতনাৰ প্ৰতি সন্মান নাই, হাই- কাজিয়া- ব্যক্তিগত আক্ৰমণৰে বাৰে বাৰে প্ৰকট কৰে নিজৰ স্বৰূপ, সময়ত কৰে নিকৃষ্ট মন্তব্য— সেইবোৰে মোক ক্ৰমান্বয়ে বিৰক্ত কৰিব ধৰিছিল৷ কৃষ্ঞকান্ত সন্দিকৈৰ স্মৃতি দিৱসৰ কথা post কৰা হল, এজনে তাত comment কৰিলে তেওঁৰ কিমান তাৰিখে জন্মদিন সেই কথা! এনেধৰণৰ নিকৃষ্ট চুপতিতকৈ মই অকলে থাকি নিজৰ সামান্য যোগ্যতাৰে কাম কৰি যোৱাৰেই পক্ষপাতী৷
মই জানো, মোৰ এই ‘প্ৰতিবাদে’ কোনো ধৰণে এনে নিকৃষ্ট চুপতি বন্ধ কৰিব নোৱাৰে, কিন্তু এইসকল লোকৰ পৰা আতৰি থাকিলে অন্ততঃ নিজৰ কাম কৰিবলৈ সময় পাম৷ সমাজ গঢ়িবলৈ উদাৰ দৃষ্টি, উদাৰ মনোভাৱ লাগে—সেই মানসিকতা নথকা লোকে social networking site-ত ভীৰ কৰিলেই social network এটা গঢ় লৈ নুঠে৷
No comments:
Post a Comment