Friday, July 29, 2011

অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ২৯ জুলাই



২৯ জুলাই৷
বলিনাৰায়ণ বৰা আৰু মহীচন্দ্ৰ মিৰিৰ মৃত্যু তিথি৷

১৮৮৬ চনত প্ৰকাশিত ‘‘মৌ’’ কাকত (আলোচনী)ৰ প্ৰকাশক আৰু নামত নহলেও কামত সম্পাদক বলিনাৰায়ণ বৰাই বিলাতৰ পৰা ১৮৭৭ চনত চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈছিল৷ ১৯০৭ চনত অধিক্ষক অভিযন্তা ৰূপে অৱসৰ লোৱা বৰাই অসম আৰু বংগৰ বিভিন্ন ঠাইত চাকৰি কৰিছিল৷ বৃটিছ প্ৰশাসনে ‘কাইজাৰ ই হিন্দ’ উপাধি দিছিল৷
প্ৰায় দুবছৰ কাল প্ৰকাশিত ‘মৌ’ কাকতৰ এটাক বাদ দি সকলো লেখা বলিনাৰায়ণ বৰায়েই লিখিছিল৷ ‘মৌ’ বম্ধ কৰিব লগীয়া হৈছিল লক্ষ্মিনাথ বেজৰৰুৱা প্ৰমুখ্যে তেতিয়াৰ কলিকতা প্ৰবাসী অসমীয়া চাতৰৰ প্ৰতিবাদত৷
‘A Geography of India’, ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’ আদি কেবাখনো কিতাপৰ লেখক বৰাৰ ১৯২৭ চনৰ ২৯ জুলাইত মৃত্যু হয়৷ জন্ম উত্তৰ গুৱাহাটীত, ১৮৫২ চনত৷


১৯০২ চনত ঢকুৱাখনাৰ ওচৰৰ মৌখোৱা গাৱঁত ওপজা মহীচন্দ্ৰ মিৰি আক্ষৰিক অৰ্থত কাজিৰঙা অভয়াৰণ্যৰ গঢ় দিওঁতা৷ মহীচন্দ্ৰ মিৰিয়ে ১৯২৭ চনত কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক সন্মান লৈছিল৷ ১৯২৯ চনত ছাইমন আয়োগ অসমলৈ আহোতে স্মাৰক পত্ৰ দিয়া অসমৰ প্ৰতিনিধি দলটোৰ অন্যতম সদস্য আছিল মিৰি৷ সেই বছৰেই তেখেত imperial forest service-ৰ বাবে নিৰ্বাচিত হৈ ৰেংগুনলৈ প্ৰশিক্ষণৰ বাবে যায় আৰু উভতি আহি ১৯৩১ চনত বন বিভাগৰ চাকৰিত যোগ দিয়ে৷ Imperial forest service-ৰ বাবে নিৰ্বাচিত মিৰি আৰু মাধৱ ভট্টাচাৰ্য আছিল প্ৰথম অসমীয়া৷ বন বিভাগৰ কাম কাদ কৰি থাকোতেই ১৯৩৯ চনৰ আজিৰ দিনটোতে তেখেতৰ অকাল মৃত্যু হয়৷

No comments:

Post a Comment