Thursday, August 25, 2011

অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ৩১ আগষ্ট

৩১ আগষ্ট

বুৰঞ্জীবিদ সদানন্দ চলিহাৰ মৃত্যুদিন৷ (১৯৯৩ চন)

ৰসায়ন বিজ্ঞানী হৰিশ চন্দ্ৰ গোস্বামীৰ মৃত্যুদিন৷ (১৯৯২ চন)

সমাজকৰ্মী, সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাৰ মৃত্যুদিন৷ (১৯৮৭ চন)

১৯২২ চনৰ ২৩ ডিচেম্বৰত গোলাঘাটত জন্মগ্ৰহণ কৰা সদানন্দ চলিহা ইতিহাসবিদৰূপে সমাদৃত৷ কেবাখনো বুৰঞ্জীৰ কিতাপৰ লিখক, জৱহৰলাল নেহৰুৰ ‘বিশ্ব ইতিহাসৰ জিলিঙণি’ৰ অনুবাদক৷ দৰং কলেজৰ ইতিহাস বিভাগৰ অধাপক ৰূপে যোগ দিয়াৰ পূৰ্বে কিছুকাল সাংবাদিকতা কৰিছিল৷ দৰং কলেজৰ পৰাই ১৯৬০ৰ দশকত ন-কৈ প্ৰতিষ্ঠিত বিশ্বনাথ কলেজত অধ্যক্ষৰূপে যোগদান কৰি ১৯৮৬ চনত অৱসৰ লয়৷

গোলাঘাটত ১৯০৯ চনত জন্ম লোৱা হৰেন্দ্ৰনাথ বৰুৱাই কটন কলেজৰ পৰা বি.এ আৰু আৰ্ল ল কলেজৰ পৰা বি. এল খিতাপ লৈ ওকালতি কৰিছিল৷ স্বাধীলতা আন্দোলনত অংশ লৈ কাৰাবাস খাটিছিল৷ প্ৰথমে কংগ্ৰেছ, পিছলৈ কিষাণ মজদুৰ পাৰ্টিত যোগ দি এসময়ত সক্ৰিয় ৰাজনীতি এৰি সাংবাদিকতাত জড়িত হয়৷ ১৯৫৪ চনৰ পৰা ১৮ বছৰ কাল ‘নতুন অসমীয়া’ৰ সম্পাদক আছিল৷


No comments:

Post a Comment