মফিজুদ্দিন আহমদ হাজৰিকাৰ ওপজা দিন
হিতেশ ডেকাৰ মৃত্যুদিন (২০০০ চন)
ফৰেষ্টাৰ, পেস্কাৰ আদি বিভিন্ন চাকৰি কৰা মফিজুদ্দিন আহমদ হাজৰিকা মূলতঃ কবিৰূপেই সমাদৃত৷ ১৮৯৬ চনত প্ৰকাশিত ‘জ্ঞানমালিনী’য়ে তেখেতক বিশেষভাৱে প্ৰতিষ্ঠা কৰে৷ ১৯২৯ চনত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত সভাপতিত্ব কৰা হাজৰিকাই ১৯০৪ চনৰ পৰা ১৯৩৪ চনলৈ ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷
বিখ্যাত বাঘ হাজৰিকাৰ বংশত ১৮৭০ চনত জন্মগ্ৰহণ কৰা মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু হয় ১৯৫৮ চনৰ ২৯ অক্টোবৰত৷
অসম সাহিত্য সভাৰ সৰ্থেবাৰী অধিবেশনৰ সভাপতি (১৯৯৫ চন) হিতেশ ডেকা একালৰ জনপ্ৰিয় ঔপন্যাসিক৷ উল্লেখনীয় উপন্যাসসমূহৰ মাজত আছেঃ
- আজিৰ মানুহ (১৯৫২ চন)
- মাটি কাৰ ()
- ভাৰাঘৰ ()
- এয়েতো জীৱন (ত্ৰিলজি)
- আচল মানুহ (১৯৬৪)
- বৈৰী মানুহ ()
- কাম পত্নী ()
- গাৱঁৰ মানুহ ()
১৯২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত সৰ্থেবাৰীত জন্ম৷ হাইস্কুলত পঢ়ি থাকোতে স্বাধীনতা সংগ্ৰামত জড়িত হোৱাত পঢ়া আধৰুৱা হয়, পিছত নলবাৰী কলেজৰ পৰা ডিগ্ৰী লৈ বিভিন্ন ঠাইত শিক্ষকতা কৰি ১৯৮৫ চনত জালুকবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ লয়৷
No comments:
Post a Comment