Friday, July 29, 2011

অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ১ আগষ্ট

১ আগষ্ট 
উইলিয়াম ৱাৰ্ড আৰু দেৱেশ্বৰ শৰ্মাৰ মৃত্যু তিথি

খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে ব্যেপ্টিষ্ট মিচনেৰীৰ হৈ অসমলৈ অহা উইলিয়াম ৱাৰ্ডে ‘অৰুনোদই’ কাকতৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ ১৮৬১ চনৰ পৰা ১৮৬৮ চন মানলৈ কাকত খনৰ সম্পাদকৰ দায়িত্ব লোৱা উইলিয়াম ৱাৰ্ডে ১৮৫০ চনৰ পৰা ১৮৬৯ চন মানলৈ অসমত কটোৱা বুলি জানিব পৰা যায়৷ অৱশ্যে মাজতে ১৮৫৭ চনৰ পৰা ৩ বছৰমান অসুখীয়া গৈ পৰাৰ কাৰণে আমেৰিকাত আছিলগৈ৷ ১৯৭৩ চনৰ আজিৰ দিনটোত তেখেতৰ মৃত্যু হয়৷


অসমীয়া সাপ্তাহিক কাকত ‘‘জনমভূমি’’ৰ প্ৰতিষ্ঠাতা, অসম প্ৰদেশ কংগ্ৰেছৰ একালৰ সভাপতি (১৯৪৮-৫০), বিধান সভাৰ প্ৰাক্তন সদস্য, একালৰ সাংসদ (১৯৫২- ৫৬), স্বাধীনতা আন্দোলনৰ অন্যতম সেনানী দেৱেশ্বৰ শৰ্মাৰ জন্ম হৈছিল ১৮৯৬ চনত যোৰহাটৰ কেন্দুগুৰিত৷ ১৯২০ চনত আইনৰ উপাধি লৈ পিছত ওকালতি কৰি বিশেষ খ্যাতি অৰ্জন কৰিছিল৷ স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে গ্ৰেপ্তাৰ বৰণ কৰিছিল৷ উজনিত প্ৰতিষ্ঠা হোৱা বহু অনুষ্ঠানৰ সৈতে তেখেত জড়িত আছিল৷ দীৰ্ঘ জীৱন পোৱা শৰ্মাদেৱৰ মৃত্যু হয় ১৯৯৩ চনৰ ১ আগষ্টত৷

No comments:

Post a Comment