২ আগষ্ট
চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু তিথি
জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘‘প্ৰতিমা’’ আধুনিক অসমীয়া কবিতাৰো প্ৰতিমাস্বৰূপ৷১৮৮৯ চনত লক্ষ্মীনাথ বেজবৰুৱা- হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি ‘‘জোনাকী’’ প্ৰকাশত আগভাগ লোৱা চন্দ্ৰকুমাৰ আগৰৱালাই ডিব্ৰুগড়ৰ পৰা ‘‘সাদিনীয়া অসমীয়া’’ (১৯১৮) প্ৰকাশ কৰাক উপৰি ‘‘বাঁহী’’ৰ সৈতেও জড়িত হৈছিল৷‘‘সাদিনীয়া অসমীয়া’’ পিছলৈ অৱশ্যে গুৱাহাটীৰ পৰা প্ৰকাশ কৰিবলৈ লৈ ইয়াৰ প্ৰকাশ কালো তিনিদিনীয়া কৰা হয়৷ নিজে ছপাশান কিনি অসমীয়া কিতাপৰো ব্যৱসায়ত নামিছিল চন্দ্ৰকুমাৰ৷ তেখেতৰ আন এক অনুপম কাব্যকৃতি হৈছে ‘‘বীণ- বৰাগী’’ (১৯২৩)৷
১৮৬৭ চনৰ ২৮ অক্টোবৰত জন্ম গ্ৰহণ কৰা (পিতৃঃ হৰিবিলাস আগৰৱালা) চন্দ্ৰকুমাৰৰ মৃত্যু হয় ১৯৩৮ চনৰ ২ আগষ্ট তাৰিখে৷
No comments:
Post a Comment