Thursday, August 25, 2011

অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ২৪ আগষ্ট


২৪ আগষ্ট
আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপজা দিন

উনবিংশ শতিকাত ব্ৰিটিছ শাসনৰ কালত যেতিয়া অসমত চৰকাৰী ভাষা হিচাপে বঙলা ভাষাৰ প্ৰৱৰ্তন হৈছিল, তেতিয়া অসমীয়া ভাষা প্ৰচলনৰ হকে মাত মাতোতা অন্যতম লোক আছিল আনন্দৰাম ঢেকিয়াল ফুকন৷ অসমীয়া যে পৃথক ভাষা সেই কথা প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ঢেকিয়াল ফুকনে-- A Native ছদ্মনামেৰে A Few Remarks on the Assamese Language নামেৰে এখন কিতাপ লিখি চৰকাৰৰ ওচৰত অৰ্পন কৰিছিল৷ A J Moffat Mills অসমলৈ আহোঁতে তেখেতে মিলছক এখন স্মাৰক পত্ৰও অৰ্পন কৰিছিল৷

হলিৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ আনন্দৰামৰ জন্ম ১৮১৯ চনৰ ২৪ আগষ্টত৷ সংস্কৃত, বঙলা, ফাৰ্ছী, ইংৰাজী আৰু উৰ্দু ভষা জানিছিল৷ আইনৰ শিক্ষা লৈ বিভিন্ন পদত চাকৰি কৰি পিছত ১৮৫০ চন মানত সহকাৰী আয়ুক্ত হৈছিল৷সেই সময়ত তেখেত আছিল সৰ্বাধিক দৰমহা পোৱা অসমীয়া লোক৷ ১৯৫২ চনত কলিকটাত কলিকতা নিউ প্ৰেছ নামেৰে এটা প্ৰেছ খুলিছিল৷

অসমীয়া লৰাৰ মিত্ৰ আৰু বঙলা ভাষাত ‘আইন ও ব্যৱস্থা সংগ্ৰহ’ নামৰ কিতাপ দুখনৰ উপৰি ‘অৰুণোদই’ত ভালেমান প্ৰৱন্ধ লিখিছিল৷ কিন্তু ১৮৫৯ চনৰ ১৬ জুনত তেখেতৰ মৃত্যু হয়৷
          
  

No comments:

Post a Comment